Show/Hide Keyboard Layout

মন্দিৰ দুৱাৰ খোলা

- বিষ্ণুপ্ৰসাদ ৰাভা

(আজি) মন্দিৰ দুৱাৰ খোলা

বহে মিলনৰ উৎসৱ মেলা

শুনো মংগল আৰতি গান

নাচি উঠে ভকতৰে প্ৰাণ

অ’ তোৰ হ’ল যে পূজাৰে বেলা

মন্দিৰ দুৱাৰ খোলা ।

 

স্বাগত নৱাগত অতিথি

হিয়াত ফুলাম আসন থৈছোঁ পাতি

পুষ্পিত মন্দিৰ কানন বীথি ।

 

ফুলনিৰ তল সৰা

তুলি ফুল মনোহৰা

গাথিলোঁ উলাহে মালা

অ’ তোৰ হ’ল যে পূজাৰে বেলা

মন্দিৰ দুৱাৰ খোলা ।।

Hits: 1650